বনৌষধি সৰ্পগন্ধা- আয়ুৰ্বেদ আৰু আধুনিক চিকিৎসাৰ সমাহাৰ
1.সৰ্পগন্ধা উদ্ভিদৰ চমু বিৱৰণ
সৰ্পগন্ধা এবিধ চিৰসেউজ গুল্মজাতীয় ভেষজ উদ্ভিদ, যি সাধাৰণতে ১৫-৭৫ চে.মি. পৰ্যন্ত ওখ হয়। ইয়াৰ পাত সৰল, উজ্জ্বল সেউজীয়া। ফুল গোলাপী বা বগা, গুচ্ছাকাৰ আৰু ফল প্ৰথমে সেউজীয়া, পাচত পকিলে নীলা-ক’লা বা ৰঙা বৰণৰ হয়। শিপা ঘূৰণীয়া, ধূসৰ, তেতেলীৰ দৰে গোন্ধযুক্ত। এই উদ্ভিদৰ শাখা-প্ৰশাখা কম, আৰু ই সাধাৰণতে জোপোহা আকাৰত বৃদ্ধি পায়। সৰ্পগন্ধা দক্ষিণ আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ স্থানীয় উদ্ভিদ। ই ভাৰত, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, নেপাল, ভূটান, থাইলেণ্ড, ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত পোৱা যায়। ভাৰতৰ উপ-হিমালয় অঞ্চলৰ পৰা ১,০০০ মিটাৰ উচ্চতালৈকে, বিশেষকৈ পূৰ্বাঞ্চল, দক্ষিণ ভাৰত আৰু পশ্চিমঘাটত ই প্ৰচুৰ পৰিমানে পোৱা যায়। বাংলাদেশত দিনাজপুৰ, চট্টগ্ৰাম, সিলেট আৰু পাৰ্বত্য চট্টগ্ৰামত ই স্থানীয়ভাৱে জন্মে। অসমৰ কিছু অঞ্চলতো ই বিক্ষিপ্তভাৱে দেখা যায়।
বৈজ্ঞানিক নাম: Rauvolfia serpentina (Famiyy-Apocynaceae)
ইংৰাজী নাম: Indian
Snakeroot, Devil’s
Pepper, Serpentine Wood।
হিন্দী নাম: Chhota
Chand, Dhanbarua, Chandrika।
অসমীয়া নাম: সৰ্পগন্ধা
2. আয়ুৰ্বেদ শাস্ত্ৰত সৰ্পগন্ধাৰ গুৰুত্ব
আয়ুৰ্বেদ শাস্ত্ৰত সৰ্পগন্ধা এবিধ গুৰুত্বপূৰ্ণ ভেষজ উদ্ভিদ হিচাপে স্বীকৃত। চৰক সংহিতা আৰু অন্যান্য প্ৰাচীন গ্ৰন্থত ইয়াৰ ব্যৱহাৰৰ উল্লেখ আছে। ইয়াক ত্ৰিদোষ নাশক (বাত, পিত্ত, কফ নিয়ন্ত্ৰণকাৰী) হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদত ইয়াক মূলতঃ উচ্চ ৰক্তচাপ, উন্মাদ, অনিদ্ৰা, উত্তেজনা, বিষক্ৰিয়া আৰু সৰ্পদংশনৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ শিপাৰ গুড়ি বা নিৰ্যাসক বিভিন্ন ঔষধৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক চিকিৎসকসকলে সৰ্পগন্ধাক “নিদ্ৰাকাৰক” আৰু “উত্তেজনানাশক” হিচাপে বিবেচনা কৰে। বিশেষকৈ মহামহোপাধ্যায় কবিৰাজ গণনাথ সেন আৰু ডাঃ কাৰ্তিকচন্দ্ৰ বসুৰ গৱেষণাত (১৯৩০) ইয়াৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু মানসিক শান্তি প্ৰদানৰ ক্ষমতাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ শিপাৰ ৰসে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা স্বাভাৱিক কৰি ৰাখে আৰু স্নায়ুতন্ত্ৰ শান্ত কৰে।
3. সৰ্পগন্ধাৰ ঔষধি গুণ আৰু বেমাৰত ব্যৱহাৰ
সৰ্পগন্ধাৰ শিপা ঔষধি গুণৰ প্ৰধান উৎস। ইয়াৰ কিছু গুৰুত্বপূৰ্ণ ঔষধি গুণ আৰু ব্যৱহাৰ দিয়া হ'ল:
3.1উচ্চ ৰক্তচাপ: সৰ্পগন্ধাৰ শিপাৰ গুড়ি (২০০-৫০০ মিলিগ্ৰাম) দৈনিক ১-২ বাৰ পানী বা গৰম গাখীৰৰ সৈতে ২০-৩০ দিন সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়। ইয়াৰ এলকেল’ইডে হৃদযন্ত্ৰৰ উপৰত অৱসাদ ক্ৰিয়া কৰি ৰক্তচাপ কমায়।
3.2.অনিদ্ৰা: ২০০-৩০০ মিলিগ্ৰাম শিপাৰ গুড়ি পানী বা গাখীৰৰ সৈতে সেৱন কৰিলে নিদ্ৰাহীনতাৰ সমস্যা দূৰ হয়। সাধাৰণতে ১৫-৩০ দিন সেৱনৰ পিছত ফল পোৱা যায়।
3.3.উন্মাদ আৰু হিষ্টেৰিয়া: ২০০-২৫০ মিলিগ্ৰাম শিপাৰ গুড়ি দৈনিক ১-২ বাৰ গাখীৰৰ সৈতে ২০-৩০ দিন সেৱন কৰা হয়। ইয়াৰ সৈতে নাড়িকল তেলৰ মিশ্ৰণ মাথাৰ তালুত ঘষিলে অধিক উপকাৰ হয়।
3.4. অন্যান্য: জ্বৰ,
আমাশয়, পেটৰ বিষ, কৃমি, ব্ৰণ,
পেটফুলা, শ্লীপদ আৰু স্নায়ু সংকোচনৰ চিকিৎসাতো ইয়াক প্ৰয়োগ কৰা হয়। সাধাৰণতে ১০০-৩০০ মিলিগ্ৰাম গুড়ি দৈনিক ১-২ বাৰ ১৫-২০ দিন সেৱন কৰা হয়।
শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ: শিশুৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা উচিত নহয়, কাৰণ ইয়াৰ এলকেল’ইড শিশুৰ স্নায়ুতন্ত্ৰৰ ক্ষতি কৰিব পাৰে।
ঔষধৰ পাৰস্পৰিক ক্ৰিয়া: এণ্টি-ডিপ্ৰেছেণ্ট,
এণ্টি-হাইপাৰটেনচিভ বা অন্যান্য স্নায়ু শান্তকাৰী ঔষধৰ সৈতে ইয়াক গ্ৰহণ কৰিলে পাৰ্শ্বপ্ৰতিক্ৰিয়া হ’ব পাৰে।
দীৰ্ঘম্যাদী ব্যৱহাৰ: দীৰ্ঘদিন ধৰি সেৱন কৰিলে হতাশা বা হৰম’নৰ ভাৰসাম্যহীনতাৰ সম্ভাৱনা থাকে।
ৰিচাৰ্পিন (Reserpine):
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু স্নায়ু শান্তকাৰী হিচাপে কাম কৰে।
ডিচাৰ্পিডিন (Deserpidine):
ৰক্তচাপ কমোৱাত সাহায্য কৰে।
ৰেচিনামিন (Rescinnamine):
হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণ কৰে।
আজমালিন (Ajmaline):
হৃদযন্ত্ৰৰ ছন্দ নিয়ন্ত্ৰণত উপযোগী।
আজমালিচিন (Ajmalicine):
ৰক্ত সঞ্চালন উন্নত কৰে।
চাৰ্পেণ্টিন (Serpentine):
নিদ্ৰাকাৰক আৰু উত্তেজনানাশক।
অলিওৰেচিন আৰু আনচেচুৰেটেড এলক’হল: পেটৰ সমস্যা আৰু জ্বৰৰ চিকিৎসাত উপযোগী।
6. উপসংহাৰ
Photo credit of Rauvolfia serpentina Plant- Pixabay.com



Comments
Post a Comment