হাঁপানী (Asthma) ৰোগৰ চিকিৎসাত চিৰিছ গছৰ (Albizia lebbeck) ব্যৱহাৰ

www.miracleplants.in

চিৰিছ গছৰ (Albizia lebbeck L.)ৰ চমু বিৱৰণ:

Albizia lebbeck হৈছে Fabaceae পৰিয়ালৰ এবিধ দ্ৰুতবৰ্ধনশীল, পৰ্ণপাতী গছ, যাৰ উচ্চতা সাধাৰণতে ১৫-২০ মিটাৰ পৰ্যন্ত হয়, কিন্তু অনুকূল পৰিবেশত ৩০ মিটাৰলৈকেও বৃদ্ধি পাব পাৰে ইয়াৰ কাঠ কঠিন, যাৰ বাবে আচবাব আৰু নিৰ্মাণত ব্যৱহাৰ হয়। ঔষধি গুণৰ বাবেও ই পৰিচিত। এই গছৰ উৎপত্তি ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূৰ্ব এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াত। কিন্তু বৰ্তমান ই গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত বিস্তৃত, যেনে-আফ্রিকা, দক্ষিণ আমেৰিকা, কেৰিবিয়ান দ্বীপপুঞ্জ, আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ দেশসমূহত। ই শুকান আৰু আৰ্দ্র দুয়োটা পৰিবেশতে ভালদৰে খাপ খায়, যাৰ বাবে ইয়াক বিশ্বৰ বিভিন্ন ঠাইত ৰোপণ কৰা হৈছে।

হাঁপানী (Asthma) ৰোগৰ চিকিৎসাত  চিৰিছ গছৰ ৱহাৰৰ পদ্ধতি

হাঁপানী বা Asthma ৰোগৰ কাৰণ হ’ল এলাৰ্জি, ধূলি, ধোঁৱা, ঠাণ্ডা বতাহ আৰু বংশগত প্ৰভাৱ। ই মূলতঃ শ্বাসনলীত প্ৰদাহ সৃষ্টি কৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসত অসুবিধা হয়। বিশ্ব স্বাথ্য সংস্থা (WHO) ৰ সমীক্ষা মতে পৃথিবীত প্ৰায় ৩০০ নিযুত মানুহ এই ৰোগত ভুগি আছে, আৰু ইয়াৰ প্ৰাদুৰ্ভাৱ শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰ মাজত বাঢ়িছে। Allopathic চিকিৎসা (যেনে- ইনহেলাৰ, ষ্টেৰয়ড) ৰোগ নিয়ন্ত্ৰণ কৰে, কিন্তু সম্পূৰ্ণ নিৰাময় নহয় কাৰণ ই মূল কাৰণ দূৰ নকৰে, কেৱল লক্ষণ হ্ৰাস কৰে। Asthma-ক ‘ব্ৰংকাইটিছ’ বা ‘শ্বাসকষ্ট’ নামেও জনা যায়। ৰোগীয়ে শ্বাস লোৱাত কষ্ট, কফ, বুকুত চাপ আৰু হাঁচিৰ সমস্যাৰ সন্মুখীন হয়। ৰাতি বা শাৰীৰিক কামৰ সময়ত এই সমস্যা বৃদ্ধি পায়। পৰিবেশ পৰিচ্ছন্ন ৰাখি, ধূমপান এৰি আৰু চিকিৎসকৰ পৰামৰ্শ মানিলে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়।
Asthama
 
 আয়ুৰ্বেদত এই ৰোগক "তমক শ্বাস" বুলি জনা যায় আৰু ইয়াৰ চিকিৎসাত বিভিন্ন ঔষধি উদ্ভিদৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। তাৰ ভিতৰত চিৰিছ গছ, যাক স্থানীয়ভাৱে "শিৰীষ" বুলিও কোৱা হয়, হাঁপানীৰ চিকিৎসাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

আয়ুৰ্বেদত চিৰিছ গছৰ স্থান

চিৰিছ গছক আয়ুৰ্বেদত ইয়াক "শিৰীষ" নামেৰে জনা যায় আৰু ইয়াৰ ছাল, পাত, ফুল আৰু গুটি বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়। "চৰক সংহিতা" আৰু "সুশ্ৰুত সংহিতা"ৰ দৰে প্ৰাচীন আয়ুৰ্বেদ গ্ৰন্থত শিৰীষক "বিষঘ্ন" (বিষনাশক) আৰু "শ্বাস-কাশ-হৰ" (শ্বাসজনিত সমস্যা আৰু কাহৰ নিৰাময়কাৰী) বুলি উল্লেখ কৰা হৈছে। হাঁপানীৰ ক্ষেত্ৰত শিৰীষৰ ছালৰ প্ৰয়োগৰ কথা বিশেষভাৱে কোৱা হৈছে কাৰণ ই শ্বাসনলীৰ প্ৰদাহ হ্ৰাস কৰে আৰু শ্লেষ্মা নিষ্কাশনত সহায় কৰে।"ভাৱপ্ৰকাশ নিঘণ্টু"ত শিৰীষৰ গুণৰ বিষয়ে উল্লেখ আছে: l  

 হাঁপানীত চিৰিছ গছৰ ছালৰ ব্যৱহাৰৰ পদ্ধতি

আয়ুৰ্বেদত চিৰিছ গছৰ ছাল সাধাৰণতে ক্বাথ (decoction) বা চূৰ্ণ (powder) ৰূপত ব্যৱহাৰ কৰা হয়। হাঁপানীৰ চিকিৎসাত ইয়াৰ প্ৰধান লক্ষ্য হৈছে কফ দোষৰ ভাৰসাম্য ৰক্ষা কৰা আৰু শ্বাসনলীৰ সংকোচন হ্ৰাস কৰা। তলত কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল:

1. চিৰিছ ছালৰ ক্বাথ (Decoction)

প্ৰস্তুতি: ১০-১৫ গ্ৰাম শিৰীষৰ ছাল লৈ প্ৰায় ২০০ মিলিলিটাৰ পানীত উতলোৱা হয়। পানী যেতিয়া আধালৈ হ্ৰাস পায়, তেতিয়া ছেকি উলিওৱা হয়। প্ৰতিদিন ৰাতিপুৱা  আৰু সন্ধিয়া ২০-৩০ মিলিলিটাৰ এই ক্বাথ ৩০-৪০ দিন ব্যৱহাৰ কৰিলে হাঁপানী ৰোগ সম্পূৰ্ণ ৰূপে আৰোগ্য হোৱাৰ উদাহৰণ আছে।
www.miracle.in

 
 2.  চিৰিছ চূৰ্ণ (Powder) 
চিৰিছ  ছাল শুকুৱাই গুড়ি কৰা হয়। ৩-৫ গ্ৰাম চূৰ্ণ গৰম পানী বা মৌজুল সৈতে দিনত দুবাৰ গ্ৰহণ কৰিলে ই শ্বাসনলীৰ সংকোচন শিথিল কৰে আৰু এলাৰ্জিৰ প্ৰতি সংবেদনশীলতা কমায়।

3.চিৰিছ  সংমিশ্ৰণ

চিৰিছ ছালৰ চূৰ্ণৰ লগত তুলসী, পিপলি আৰু আদাৰ গুড়ি মিহলাই প্ৰস্তুত কৰা ঔষধ হাঁপানীৰ বাবে অতি ফলপ্ৰসূ। এই মিশ্ৰণ দিনত এবাৰ গ্ৰহণ কৰিলে শ্বাসনলী পৰিষ্কাৰ হয়।
আয়ুৰ্বেদৰ মতে, শিৰীষৰ এই প্ৰয়োগে শৰীৰৰ বায়ু আৰু কফ দোষৰ ভাৰসাম্য ৰক্ষা কৰে, যি হাঁপানীৰ মূল কাৰণ।

গৱেষণাগত প্ৰমাণ: Albizia lebbeck Stem Bark Decoction আৰু হাঁপানী
"Branches Asthma Clinical Effect Algeria Lebbeck Stem Bark Decoction" নামৰ গৱেষণা পত্ৰত Albizia lebbeck ৰ ছালৰ ক্বাথৰ ক্লিনিকেল প্ৰভাৱৰ বিষয়ে উল্লেখ আছে। এই গৱেষণা অনুসৰি, চিৰিছ গছৰ ছালত থকা ফ্লেভোন’ইড, এলকেল’ইড আৰু টেনিনৰ দৰে যৌগসমূহে এণ্টি-ইনফ্লেমেটৰী (প্ৰদাহৰোধী) আৰু এণ্টি-এলাৰ্জিক গুণ প্ৰদান কৰে। 
গৱেষণাত দেখা গৈছে যে: ছালৰ ক্বাথে শ্বাসনলীৰ প্ৰদাহজনিত সাইট’কাইনৰ মাত্ৰা কমায়, যি হাঁপানীৰ লক্ষণৰ তীব্ৰতা হ্ৰাস কৰে।এলাৰ্জি নিয়ন্ত্ৰণ: ই হিষ্টামিন নিঃসৰণ ৰোধ কৰে, যি এলাৰ্জিৰ প্ৰতিক্ৰিয়াৰ বাবে দায়ী।শ্বাসনলী শিথিলকৰ: চিৰিছ যৌগসমূহে ব্ৰঙ্ক’ডাইলেটৰী প্ৰভাৱ প্ৰদান কৰে, যাৰ ফলত শ্বাস লোৱা সহজ হয়।
  

 সাৱধানতা

চিৰিছৰ ছালৰ ব্যৱহাৰত কিছু সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন:
1. অত্যধিক সেৱন নিষেধ:অত্যধিক মাত্ৰাত গ্ৰহণ কৰিলে পেটৰ সমস্যা বা ডায়েৰিয়া হ’ব পাৰে।
2.এলাৰ্জি পৰীক্ষা:শিৰীষৰ প্ৰতি সংবেদনশীলতা থাকিলে প্ৰথমে সৰু পৰিমাণত পৰীক্ষা কৰা উচিত।
3.চিকিৎসকৰ পৰামৰ্শ:গৰ্ভৱতী মহিলা, শিশু বা অন্য ৰোগত ভুগি থকা ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ নকৰিব।
4.অন্য ঔষধৰ সৈতে সংমিশ্ৰণ:আধুনিক ঔষধ (যেনে ইনহেলাৰ)ৰ সৈতে ব্যৱহাৰৰ ক্ষেত্ৰত ডাক্তাৰৰ মতামত লোৱা উচিত।

উপসংহাৰ

চিৰিছ গছৰ ছাল হাঁপানীৰ দৰে ৰোগৰ চিকিৎসাত আয়ুৰ্বেদৰ এক প্ৰাকৃতিক সমাধান। ইয়াৰ প্ৰদাহৰোধী, এলাৰ্জিৰোধী আৰু শ্বাসনলী শিথিলকৰণৰ গুণে ৰোগীৰ শ্বাসকষ্ট হ্ৰাস কৰে। আয়ুৰ্বেদৰ উদ্ধৃতি আৰু গৱেষণাৰ প্ৰমাণে এই ঔষধি উদ্ভিদৰ সম্ভাৱনা প্ৰকাশ কৰে। তথাপি, সঠিক মাত্ৰা আৰু সাৱধানতাৰ সৈতে ব্যৱহাৰ কৰিলে ই অধিক ফলপ্ৰসূ হ’ব।


Reference- S. Kumar1, P. Bansal1, V. Gupta1, R. Sannd1, M. M. Rao1 "The Clinical Effect of Albizia lebbeck Stem Bark Decoction on Bronchial Asthma"




Comments

Popular posts from this blog

পৰামলখিৰ (Star Gooseberry) ঔষধি গুণ

টিকনি বৰুৱা উদ্ভিদ: অসমৰ পৰম্পৰা আৰু ঔষধি গুণৰ সংমিশ্ৰণ

মধুমেহ(Diabetes) ৰোগত নয়নতৰাৰ (Catharanthus roseus L.)ব্যৱহাৰ