মানিমুনি: এক আয়ুৰ্বেদিক ঔষধি উদ্ভিদ
1. মানিমুনি উদ্ভিদৰ চমু বিৱৰণ
মানিমুনিৰ
(বৈজ্ঞানিক নাম: Centella asiatica,
ই এক প্ৰকাৰৰ বহুবৰ্ষজীৱী
ঔষধি উদ্ভিদ, যি ভাৰত
উপমহাদেশৰ লগতে পৃথিৱীৰ বিভিন্ন অঞ্চলত পোৱা যায়। ইয়াৰ ঔষধি গুণৰ বাবে আয়ুৰ্বেদ,
ইউনানী, আৰু চীনা চিকিৎসা পদ্ধতিত ইয়াক ব্যৱহাৰ কৰা হয়।
এই ব্লগত মানিমুনিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে, য’ত ইয়াৰ বৈজ্ঞানিক বিৱৰণ, আয়ুৰ্বেদিক গুৰুত্ব, বেমাৰত ব্যৱহাৰ, ৰাসায়নিক যৌগ, বৈজ্ঞানিক গৱেষণা, আৰু সম্পৰ্কীয় সাৱধানতাৰ বিষয়ে উল্লেখ কৰা
হৈছে। মানিমুনিক সাধাৰণতে ব্ৰাহ্মী নামেৰেও
জনা যায় l ই এপিয়াচি (Apiaceae)
পৰিয়ালৰ (Family) এক লতাজাতীয় উদ্ভিদ। ইয়াৰ পাতবোৰ সৰু, গোলাকাৰ, আৰু মসৃণ। এই উদ্ভিদ মাটিৰ ওপৰত লতাৰ দৰে
বিস্তৃত হয় আৰু আৰ্দ্ৰ পৰিৱেশত ভালকৈ বৃদ্ধি পায়। মানিমুনি সাধাৰণতে জলাশয়ৰ কাষত,
নৈৰ পাৰত, বা আৰ্দ্ৰ মাটিত পোৱা যায়। অসমীয়া সমাজত
মানিমুনি চিনি নোপোৱা মানুহ হয়তো নোলাব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে
এই উদ্ভিদ বিধ পোৱা যায়। মানিমুনি ভাৰত, শ্ৰীলংকা, বাংলাদেশ,
দক্ষিণ-পূৰ্ব এছিয়া,
অষ্ট্ৰেলিয়া, আফ্ৰিকাৰ কিছু অংশ, আৰু আমেৰিকাৰ উষ্ণমণ্ডলীয় অঞ্চলত পোৱা যায়।
ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে, বিশেষকৈ অসম,
পশ্চিমবংগ, কেৰালা, আৰু তামিলনাডুত ই সাধাৰণতে পোৱা যায়।
সংস্কৃত:
মন্দুকপৰ্ণী (Mandukaparni), ব্ৰাহ্মী (Brahmi)
হিন্দী: ব্ৰাহ্মী,
জল ব্ৰাহ্মী
বাংলা:
থানকুনি
2. আয়ুৰ্বেদ আৰু ভাৰতীয় পৌৰাণিক গ্ৰন্থত মানিমুনি
"আয়ুৰ্বেদত" মানিমুনি এক গুৰুত্বপূৰ্ণ “মেধ্য ৰসায়ন” (মস্তিষ্কৰ কাৰ্যক্ষমতা বৰ্ধক ঔষধ) হিচাপে
বিবেচিত। "চৰক সংহিতা" আৰু "সুশ্ৰুত সংহিতাত" ইয়াক স্মৃতিশক্তি, বুদ্ধি, আৰু মানসিক স্বাস্থ্যৰ বাবে উপযোগী বুলি উল্লেখ
কৰা হৈছে। ই ছালৰ ৰোগ, ক্ষত নিৰাময়,
আৰু শৰীৰৰ প্ৰদাহ হ্ৰাস
কৰাতো সহায় কৰে। ভাৰতীয় পৌৰাণিক কাহিনীত মানিমুনিক “ব্ৰাহ্মী” নামেৰে সৰস্বতী দেৱীৰ
সৈতে জড়িত কৰা হয়, যি জ্ঞান আৰু
বুদ্ধিৰ দেৱী। কিছুমান গ্ৰন্থত উল্লেখ আছে যে ঋষি-মুনিসকলে ধ্যান আৰু জ্ঞান অৰ্জনৰ
বাবে মানিমুনি সেৱন কৰিছিল। অথৰ্ববেদতো ইয়াৰ ঔষধি গুণৰ উল্লেখ পোৱা যায়।
3. ঔষধি হিচাবে
মানিমুনি উদ্ভিদৰ ব্যৱহাৰ, পৰিমাণ, আৰু পদ্ধতি
3.1. মানসিক স্বাস্থ্য
আৰু স্মৃতিশক্তি বৃদ্ধি:
ব্যৱহাৰ: মানিমুনিৰ পাতৰ ৰস (১০-১৫ মি.লি.) দৈনিক খালী পেটত মৌজুলৰ সৈতে সেৱন কৰিব পাৰি ; পৰিমাণ: ২-৪ গ্ৰাম শুকান পাতৰ গুড়ি দিনে দুবাৰ ; সময় ১-২ মাহ; উপকাৰ: উদ্বেগ, মানসিক চাপ, আৰু স্মৃতিশক্তিৰ দুৰ্বলতা হ্ৰাস কৰে।
3.2. ছালৰ ৰোগ (একজিমা,
সোৰিয়াচিছ):
ব্যৱহাৰ: পাত
পিহি পেষ্ট তৈয়াৰ কৰি আক্ৰান্ত স্থানত লগাব লাগে ; পৰিমাণ: দিনে ১-২ বাৰ;
সময়: ১-২ সপ্তাহ
; উপকাৰ: ছালৰ প্ৰদাহ আৰু
জ্বলা-পোৰা কমায়।
3.3.ক্ষত নিৰাময়:
ব্যৱহাৰ: পাতৰ
পেষ্ট বা মানিমুনিৰ তেল ক্ষতৰ ওপৰত লগাব লাগে ; পৰিমাণ: দিনে ২-৩ বাৰ; সময়: ক্ষত শুকুৱালৈ ; উপকাৰ: ক্ষতৰ নিৰাময় ত্বৰান্বিত কৰে।
3.4.পাচনতন্ত্ৰৰ
সমস্যা:
ব্যৱহাৰ: পাতৰ ৰস
(৫-১০ মি.লি.) পানীৰ সৈতে মিহলাই খাবলাগে ; পৰিমাণ: দিনে
এবাৰ। সময়: ১৫ দিন ;উপকাৰ: পেটৰ
সমস্যা আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।
ব্যৱহাৰ: পাতৰ কাঢ়া (১০-২০ মি.লি.) দিনে দুবাৰ ; পৰিমাণ: ২-৩ গ্ৰাম শুকান পাত; সময়: ৫-৭ দিন ; উপকাৰ: জ্বৰ আৰু শৰীৰৰ প্ৰদাহ কমায়।
4. সাৱধানতা
মানিমুনিসাধাৰণতে
নিৰাপদ যদিও কিছু সাৱধানতা লোৱা উচিত:
গৰ্ভাৱস্থা:
গৰ্ভৱতী মহিলাই চিকিৎসকৰ পৰামৰ্শ অবিহনে সেৱন নকৰিব।
ঔষধৰ সৈতে সংঘাত: মানিমুনিয়ে কিছুমান ঔষধৰ (যেনে- ডায়েবেটিছৰ ঔষধ) কাৰ্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে।
এলাৰ্জি: কিছুমানৰ ক্ষেত্ৰত ছালত এলাৰ্জি হ'ব পাৰে; সেয়েহে প্ৰথমে সৰু পৰিমাণে পৰীক্ষা কৰক।
5. ৰাসায়নিক যৌগ আৰু ঔষধি গুণ
মানিমুনিৰ ঔষধি
গুণৰ মূল কাৰণ হৈছে ইয়াত থকা সক্ৰিয় ৰাসায়নিক যৌগসমূহ। প্ৰধান যৌগসমূহ হ'ল:
ট্ৰাইটাৰপেনয়ড (Triterpenoids):
এছিয়াটিকোচাইড (Asiaticoside),
মেডেকাছোচাইড (Madecassoside),
এছিয়াটিক এচিড (Asiatic
acid), মেডেকাছিক এচিড (Madecassic
acid)। এই যৌগসমূহে ক্ষত নিৰাময় আৰু প্ৰদাহ হ্ৰাস কৰাত
সহায় কৰে।
ফ্লেভোনয়ড (Flavonoids):
এন্টি-অক্সিডেন্ট গুণৰ
বাবে মুক্ত ৰেডিকেলৰ ক্ষতি ৰোধ কৰে।
ভলাটাইল অইল (Volatile oils): পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।
পলিচেচাৰাইড (Polysaccharides):
খাদ্যৰোগ প্ৰতিৰোধ ক্ষমতা
বৃদ্ধি কৰে।
i. Gohil, K. J., Patel, J. A., & Gajjar, A. K. (2010). Pharmacological Review on Centella asiatica: A Potential Herbal Cure-all. *Indian Journal of Pharmaceutical Sciences, 72(5), 546-556.


Comments
Post a Comment