ফুটুকলা উদ্ভিদৰ ঔষধি ব্যৱহাৰ (Indian Rhododendron)
ফুটুকলা (Indian Rhododendron) ফুটুকলা (Indian Rhododendron) ই এক গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদ বিধৰ অন্যান্য নাম সমূহ হৈছে- ফুটকলা , বনতেজপাত ইত্যাদি। ই এবিধ বনৌষধি । সাধাৰণতে এই গছবিধ বনৰীয়া। বাটৰ কাষত , এৰাবাৰী , বাকৰি আদি ঠাইত এই গছবিধ গজে । ভাৰত, বাংলাদেশৰ বাদেও এই গছ বিধ দক্ষিণ-পূব এচিয়াৰ মালয়েছিয়া, ইণ্ডোনেছিয়া ইত্যাদি দেশ সমূহতো পোৱা যায় । এই গছবিধৰ উচ্চতা সাধাৰণতে ১-৩ মিটাৰ পৰ্যন্ত হয় । Scientific Name -Melastoma malabathricum L. পৰম্পৰাগত ঔষধি ব্যৱহাৰ ( Traditional Medicinal Uses): Melastoma malabathricum L. পৰম্পৰাগতভাৱে বিভিন্ন সম্প্ৰদায়ৰ মাজত ঔষধি গুণৰ বাবে ব্যৱহাৰ হৈ আহিছে , বিশেষকৈ দক্ষিণ-পূৰ্ব এছিয়া , ভাৰত , আৰু চীনত। ইয়াৰ পৰম্পৰাগত ব্যৱহাৰৰ বিষয়ে সবিশেষ তলত দিয়া হ’ল: 1. পেটৰ সমস্যা ( Gastrointestinal Disorders): বেমাৰ: ডায়েৰিয়া ( Diarrhoea), আমাশয় ( Dysentery), পেটৰ বিষ ( St...