ভাৰতীয় সমাজ আৰু সাংস্কৃতিক প্ৰেক্ষাপটত বনৌষধি উদ্ভিদৰ গৰুত্ব

ভাৰতবৰ্ষত পৰম্পৰাগত বনৌষধি বা ভেষজ উদ্ভিদৰ এক গভীৰ ইতিহাস আছে, যি সংস্কৃতি, সমাজ আৰু প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ভাৰতত আয়ুৰ্বেদৰ দৰে প্ৰাচীন চিকিৎসা পদ্ধতিৰ জৰিয়তে হাজাৰ হাজাৰ বছৰ ধৰি তুলসী, নিম, আদি ভেষজ উদ্ভিদৰ ঔষধি গুণৰ ব্যৱহাৰ হৈ আহিছে।সঞ্জীৱনী এই Blog Series ৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে পাৰম্পৰিক বনৌষধি বা ভেষজ উদ্ভিদৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু এই প্রাকৃতিক সম্পদৰ সহায়ত কম খৰচী আৰু পাৰ্শ্বক্ৰিয়াৰহিত উপায়েৰে সাধাৰণ ৰোগৰ পৰা জটিল ৰোগলৈকে চিকিৎসাৰ পদ্ধতি সম্পৰ্কে জ্ঞান প্ৰদান কৰা। আমাৰ প্ৰতিটো প্ৰচেষ্টা হ’ব প্ৰত্যেক জোপা ভেষজ উদ্ভিদৰ বৈজ্ঞানিক বিশ্লেষণ সহজ-সৰল ভাষাত উপস্থাপন কৰি সাধাৰণ মানুহৰ বাবে বুজিব পৰা কৰি তোলা। আমি সকলোৱে জানো যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ প্ৰাকৃতিক সম্পদৰে সমৃদ্ধ। এই অঞ্চলৰ পাহাৰ-পৰ্বত, জংঘল আৰু উপত্যকাৰ মাজত প্ৰচুৰ পৰিমাণে ভেষজ উদ্ভিদ আছে, যিবোৰে পুৰণি কালৰে পৰা আমাৰ সমাজত ঔষধি হিচাপে ব্যৱহৃত হৈ আহিছে। আমাৰ এই Blog ৰ জৰিয়তে আমি সেই পাৰম্পৰিক জ্ঞানক আধুনিক বিজ্ঞানৰ সৈতে মিহলাই এক সুন্দৰ সংমিশ্ৰণৰ সৃষ্টি কৰিবলৈ বিচাৰিছোঁ।



ভাৰতীয় পৌৰাণিক শাস্ত্ৰত বনৌষধি

ভাৰতবৰ্ষৰ পৌৰাণিক গ্ৰন্থসমূহত বনৌষধিৰ দ্বাৰা চিকিৎসা পদ্ধতিৰ উল্লেখ পোৱা যায়, বিশেষকৈ আয়ুৰ্বেদৰ সৈতে সম্পৰ্কিত গ্ৰন্থসমূহত। এই গ্ৰন্থসমূহত বনৌষধি উদ্ভিদৰ ব্যৱহাৰ, গুণাগুণ আৰু চিকিৎসাগত গুৰুত্বৰ বিস্তৃত বৰ্ণনা আছে। তলত ভাৰতৰ প্ৰধান পৌৰাণিক আৰু আয়ুৰ্বেদিক গ্ৰন্থসমূহৰ তথ্য দিয়া হ’ল, য’ত বনৌষধিৰ উল্লেখ আছে। যদিও প্ৰতিটো গ্ৰন্থত ঠিক কিমান সংখ্যক উদ্ভিদৰ উল্লেখ আছে, তাৰ সঠিক সংখ্যা সকলো ক্ষেত্ৰতে স্পষ্টভাৱে নিৰ্ধাৰণ কৰা সম্ভৱ নহয়, তথাপি উপলব্ধ তথ্যৰ ভিত্তিত এখন আনুমানিক তালিকা দিয়া হৈছে:

১. ঋগ্বেদ (খ্ৰীষ্টপূৰ্ব ১৫০০-১২০০)বনৌষধিৰ উল্লেখ: ঋগ্বেদত ঔষধি উদ্ভিদৰ প্ৰতি গুৰুত্ব দিয়া হৈছে আৰু "ওষধি" শব্দৰ উল্লেখ বহুবাৰ পোৱা যায়।
২. অথৰ্ববেদ (খ্ৰীষ্টপূৰ্ব ১২০০-১০০০)বনৌষধিৰ উল্লেখ: অথৰ্ববেদত চিকিৎসা আৰু বনৌষধিৰ ব্যৱহাৰৰ বিস্তৃত বৰ্ণনা আছে। ইয়াক আয়ুৰ্বেদৰ প্ৰাচীনতম ভিত্তি বুলি গণ্য কৰা হয়। বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে উদ্ভিদৰ ব্যৱহাৰৰ কথা উল্লেখ আছে।সংখ্যা: প্ৰায় ২০০-৩০০ উদ্ভিদৰ কথা উল্লেখ থকাৰ সম্ভাৱনা।

৩. চৰক সংহিতা (খ্ৰীষ্টপূৰ্ব ৪০০-২০০)বনৌষধিৰ উল্লেখ: চৰক সংহিতা আয়ুৰ্বেদৰ অন্যতম প্ৰধান গ্ৰন্থ। সংখ্যা: প্ৰায় ৭০০ উদ্ভিদৰ উল্লেখ আছে।




৪. সুশ্ৰুত সংহিতা (খ্ৰীষ্টপূৰ্ব ৬০০-৩০০)বনৌষধিৰ উল্লেখ: এই গ্ৰন্থত শৰীৰবিজ্ঞান আৰু শল্যচিকিৎসাৰ সৈতে সৈতে বনৌষধিৰ ব্যৱহাৰৰ কথা আছে। ইয়াত ঔষধি উদ্ভিদৰ শ্ৰেণীবিভাগ আৰু ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰৰ তথ্য দিয়া হৈছে।সংখ্যা: প্ৰায় ৬৫০-৭০০ উদ্ভিদৰ উল্লেখ।

৫. অষ্টাঙ্গ হৃদয়ম (৭ম শতিকা)বনৌষধিৰ উল্লেখ: সংখ্যা: প্ৰায় ৫০০-৬০০ উদ্ভিদ। ।

৬. ভাৱপ্ৰকাশ (১৬শ শতিকা)বনৌষধিৰ উল্লেখ: ভাৱমিশ্ৰৰ এই গ্ৰন্থত আয়ুৰ্বেদৰ উদ্ভিদৰ বিস্তৃত তালিকা আৰু তাৰ গুণৰ বৰ্ণনা আছে।সংখ্যা: প্ৰায় ৫০০ উদ্ভিদৰ উল্লেখ। উদাহৰণ: নিম (Neem), কৰঞ্জ (Karanja)।

৭. ধন্বন্তৰী নিঘণ্টু (১০ম-১৩শ শতিকা)বনৌষধিৰ উল্লেখ: এই গ্ৰন্থত কেৱল ঔষধি উদ্ভিদৰ তালিকা আৰু তাৰ গুণৰ বিষয়ে উল্লেখ আছে।সংখ্যা: প্ৰায় ৩৫০-৪০০ উদ্ভিদ।




৮. ৰামায়ণ আৰু মহাভাৰতবনৌষধিৰ উল্লেখ: এই মহাকাব্যসমূহত স্পষ্টভাৱে বনৌষধিৰ তালিকা নাথাকিলেও কিছু উল্লেখযোগ্য উদ্ভিদৰ কথা পোৱা যায়। যেনে, ৰামায়ণত সঞ্জীৱনী বুটিৰ কথা আছে।সংখ্যা: প্ৰায় ১০-২০টি উল্লেখযোগ্য উদ্ভিদ। উদাহৰণ: সঞ্জীৱনী (Sanjeevani), অশোক (Ashoka) ।আয়ুৰ্বেদৰ পৰম্পৰা অনুসৰি ভাৰতত মুঠ প্ৰায় ৮,০০০ উদ্ভিদৰ ঔষধি গুণৰ উল্লেখ আছে, যিবোৰ এই গ্ৰন্থসমূহত বিভিন্নভাৱে সংকলিত হৈছে।কিছুমান উদ্ভিদৰ নাম একাধিক গ্ৰন্থত পুনৰাবৃত্তি হৈছে, যাৰ ফলত সঠিক সংখ্যা নিৰ্ধাৰণত জটিলতাৰ সৃষ্টি হয়।এই তথ্যৰ জৰিয়তে ভাৰতৰ পৌৰাণিক গ্ৰন্থসমূহত বনৌষধিৰ উল্লেখৰ এক সামগ্ৰিক চিত্ৰ পোৱা যায়।





পৃথিৱীত গছ-গছনি আৰু বনৌষধিৰ সংখ্যা

পৃথিৱীত গছ-গছনিৰ সংখ্যা নিৰ্ধাৰণ কৰা এক জটিল কাম, কাৰণ এই গ্ৰহটোত উদ্ভিদৰ প্ৰজাতিৰ বৈচিত্ৰ্য অতি বিস্তৃত। International Association of Plant Taxonomy (IAPT) ICN (International Code of Nomenclature for algae, fungi and plants). Royal Botanical Garden, Kew ৰ বিভিন্ন তথ্য মতে পৃথিৱীত প্ৰায় ৩,৫০,০০০- 8,oo,ooo প্ৰজাতিৰ উদ্ভিদ আছে, য’ত সপুষ্পক উদ্ভিদ (ফুল ফুলা গছ), অপুষ্পক উদ্ভিদ (যেনে- ফাৰ্ণ, মছ), গুল্ম, লতা আৰু বৃক্ষ সামিল। ২০০৪ চনৰ এক প্ৰতিবেদন অনুসৰি, এই সংখ্যাৰ ভিতৰত প্ৰায় ৩,৯১,০০০ প্ৰজাতি চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত ৩,৬৯,০০০ প্ৰজাতি সপুষ্পক উদ্ভিদ আৰু ২২,০০০ (৬%)অপুষ্পক উদ্ভিদ । কিন্তু এই সংখ্যা কেৱল চিনাক্তকৰণৰ ভিত্তিত, আৰু বহুতো অচিনাকি প্ৰজাতি এতিয়াও আৱিষ্কাৰৰ অপেক্ষাত আছে।বনৌষধি বা ভেষজ উদ্ভিদৰ কথা ক’লে, এইবোৰ হৈছে সেই উদ্ভিদ যিবোৰৰ ঔষধি গুণ আছে আৰু বিভিন্ন দেশৰ বিভিন্ন জাতি-জনাজাতিয়ে ৰোগ নিৰাময়ৰ বাবে পাৰম্পৰিক ভাবে ব্যৱহাৰ কৰি আহিছে। পৃথিৱীত কিমান প্ৰজাতিৰ ভেষজ উদ্ভিদ আছে, তাৰ সঠিক সংখ্যা নিৰ্ধাৰণ কৰা কঠিন। তথাপি, বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, পৃথিৱীৰ প্ৰায় ২১,০০০ প্ৰজাতিৰ উদ্ভিদৰ ঔষধি গুণ আছে বুলি জনা যায়। কিন্তু এই সংখ্যা কেৱল পৰীক্ষিত আৰু নথিভুক্ত প্ৰজাতিৰ ওপৰত ভিত্তি কৰি দিয়া। প্ৰকৃততে এই সংখ্যা বহুত বেছি হ’ব পাৰে, কাৰণ পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীয়ে হাজাৰ হাজাৰ বছৰ ধৰি স্থানীয় উদ্ভিদৰ ঔষধি ব্যৱহাৰৰ জ্ঞান সংৰক্ষণ কৰি আহিছে।

ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলত ভেষজ উদ্ভিদৰ সংখ্যা

ভাৰত এখন ভেষজ উদ্ভিদৰ ক্ষেত্ৰত অতি সমৃদ্ধ দেশ। “Botanical Survey of India” আৰু অন্যান্য গৱেষণা অনুসৰি, ভাৰতত প্ৰায় ১৮,০০০ৰ পৰা ২০,০০০ প্ৰজাতিৰ সপুষ্পক উদ্ভিদ পোৱা যায়। ইয়াৰ ভিতৰত প্ৰায় ৭,৫০০ৰ পৰা ৮,০০০ প্ৰজাতিৰ উদ্ভিদৰ ঔষধি গুণ আছে বুলি জনা যায়। এই সংখ্যা ভাৰতৰ জনগোষ্ঠীয় সম্প্ৰদায় আৰু আয়ুৰ্বেদ, সিদ্ধ, ইউনানী আদি পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে। ভাৰতৰ হিমালয়ৰ পৰা দক্ষিণৰ পশ্চিমঘাট আৰু উত্তৰ-পূৰ্বাঞ্চললৈকে বিস্তৃত এই ভেষজ উদ্ভিদৰ ভাণ্ডাৰে দেশখনক পৃথিৱীৰ অন্যতম জৈৱ-বৈচিত্ৰ্যৰ কেন্দ্ৰ কৰি তুলিছে।

অসম তথা উত্তৰ-পূৰ্ব ভাৰত এই ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰে। এই অঞ্চলত প্ৰায় ৩,০০০ৰ পৰা ৪,০০০ প্ৰজাতিৰ ভেষজ উদ্ভিদ পোৱা যায় বুলি গৱেষকসকলে ধাৰণা কৰে। অসমৰ পাহাৰীয়া অঞ্চল, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পূব হিমালয়ৰ জংঘলত বহুতো দুৰ্লভ আৰু স্থানীয় (endemic) ভেষজ উদ্ভিদৰ সন্ধান পোৱা যায়। ইয়াৰ উপৰিও স্থানীয় জনজাতি প্ৰধান অঞ্চলতবোৰত বহুতো অজ্ঞাত ভেষজ উদ্ভিদ ব্যৱহাৰ কৰি আহিছে, যিবোৰৰ বৈজ্ঞানিক গৱেষণা এতিয়াও সম্পূৰ্ণ হোৱা নাই।
                                                   

পাৰম্পৰিক বনৌষধি সম্পৰ্কে WHO ৰ মতামত

বিশ্ব স্বাস্থ্য সংস্থা (WHO) পাৰম্পৰিক বনৌষধিৰ গুৰুত্বক স্বীকৃতি দি আহিছে। WHO ৰ মতে, পৃথিৱীৰ প্ৰায় ৮০% জনসংখ্যা তেওঁলোকৰ প্ৰাথমিক স্বাস্থ্যসেৱাৰ বাবে ভেষজ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। WHOৰ "Traditional Medicine Strategy 2014-2023" ত পাৰম্পৰিক চিকিৎসাৰ সুৰক্ষা, কাৰ্যকৰীতা আৰু গুণগত মানদণ্ড নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সংস্থাটোৱে কৈছে যে ভেষজ উদ্ভিদৰ সঠিক ব্যৱহাৰৰ জৰিয়তে সুলভ আৰু প্ৰকৃতিগত চিকিৎসা প্ৰদান কৰা সম্ভৱ। WHOৰ এই দৃষ্টিভংগীয়ে বনৌষধিৰ গৱেষণা আৰু উন্নয়নৰ বাবে বিশ্বজুৰি দেশসমূহক উৎসাহিত কৰিছে। WHOএ মাজে সময়ে প্ৰকাশ কৰা গ্ৰৰুত্বপূৰ্ণ ও তথ্যসমৃদ্ধ কেইখনমান নথিপত্ৰ তলত উল্লেখ কৰা হল।

১) Selected Medicinal Plants

২) Traditional Medicine Stratgy-2014-2023

৩) Traditional Herbal Remedies for primary healthcare




Botanical Survey of India (BSI) আৰু বনৌষধি

Botanical Survey of India (BSI) ১৮৯০ চনত প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ মূল উদ্দেশ্য আছিল ভাৰতৰ উদ্ভিদ সম্পদৰ সমীক্ষা কৰা আৰু অৰ্থনৈতিক গুৰুত্বপূৰ্ণ উদ্ভিদ চিনাক্ত কৰা। BSIৰ গৱেষণাৰ জৰিয়তে ভাৰতত প্ৰায় ৮,০০০ প্ৰজাতিৰ ভেষজ উদ্ভিদ চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত বহুতো উদ্ভিদৰ তথ্য "Flora of India" আৰু অন্যান্য প্ৰকাশনাত সংৰক্ষিত আছে। BSI ৰ আঞ্চলিক কেন্দ্ৰসমূহ, যেনে শ্বিলঙৰ কেন্দ্ৰই, উত্তৰ-পূৰ্বাঞ্চলৰ ভেষজ উদ্ভিদৰ তালিকা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
                                        

National Medicinal Plants Board (NMPB) আৰু ইয়াৰ ভূমিকা

বনৌষধি বা ভেষজ উদ্ভিদৰ গৱেষণা আৰু প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে AYUSH মন্ত্ৰালয়ৰ অধীনত ২০০০ চনত National Medicinal Plants Board (NMPB) প্ৰতিষ্ঠা কৰে ।ইয়াৰ মূল উদ্দেশ্য হৈছে ভেষজ উদ্ভিদৰ সংৰক্ষণ, খেতি আৰু বাণিজ্যিক ব্যৱহাৰৰ প্ৰচাৰ কৰা। NMPB ৰ জৰিয়তে ভাৰতত ৩২ টা ৰাজ্যিক Medicinal Plants Board গঠন কৰা হৈছে, য’ত অসমো অন্তৰ্ভুক্ত। এই সংস্থাই ভেষজ উদ্ভিদৰ চাহিদা পূৰণৰ বাবে খেতিয়ক সকলক উৎসাহিত কৰে আৰু বজাৰৰ সৈতে সংযোগ স্থাপন কৰে। ইয়াৰ উপৰিও NMPB ই গৱেষণাৰ বাবে অনুদান প্ৰদান কৰে আৰু ভেষজ উদ্ভিদৰ সামাজিক প্ৰভাৱ বৃদ্ধিৰ বাবে কাম কৰে।

বনৌষধিৰ সামাজিক প্ৰভাৱ আৰু উপাকৰিতা

বনৌষধিয়ে মানৱ সমাজত অতীজৰে পৰা গভীৰ প্ৰভাৱ পেলাই আহিছে l গ্ৰাম্য অঞ্চলত বাস কৰা মানুহৰ বাবে এইবোৰ সুলভ আৰু প্ৰাকৃতিক চিকিৎসাৰ উপায়। ই ৰোগ নিৰাময়ৰ লগতে জীৱিকাৰ সুযোগো প্ৰদান কৰে। ইয়াৰ উপকাৰিতাৰ ভিতৰত পাৰ্শ্বক্ৰিয়াৰ অভাৱ, পৰিৱেশৰ সৈতে সামঞ্জস্য, আৰু দীৰ্ঘম্যাদী স্বাস্থ্যৰ সুবিধা উল্লেখযোগ্য। বনৌষধিৰ ভৱিষ্যত অতি উজ্জ্বল। আধুনিক বিজ্ঞানে এইবোৰৰ গুণাগুণ পৰীক্ষা কৰি নতুন ঔষধ তৈয়াৰ কৰাত মনোনিৱেশ কৰিছে। জৈৱ-প্ৰযুক্তিৰ সহায়ত দুৰ্লভ উদ্ভিদৰ সংৰক্ষণ সম্ভৱ হৈছে। তথাপি, জলবায়ু পৰিৱৰ্তন আৰু বনাঞ্চল ধ্বংসৰ ফলত বহুতো ভেষজ উদ্ভিদৰ অস্তিত্ব বিপন্ন হৈছে। সেয়েহে সংৰক্ষণ আৰু সচেতনতাৰ প্ৰয়োজন। আমাৰ এই Blog Series টোৱে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী l









Comments

Popular posts from this blog

পৰামলখিৰ (Star Gooseberry) ঔষধি গুণ

টিকনি বৰুৱা উদ্ভিদ: অসমৰ পৰম্পৰা আৰু ঔষধি গুণৰ সংমিশ্ৰণ

মধুমেহ(Diabetes) ৰোগত নয়নতৰাৰ (Catharanthus roseus L.)ব্যৱহাৰ