Posts

Showing posts from April, 2025

বনৌষধি সৰ্পগন্ধা- আয়ুৰ্বেদ আৰু আধুনিক চিকিৎসাৰ সমাহাৰ

Image
1. সৰ্পগন্ধা উদ্ভিদৰ চমু বিৱৰণ সৰ্পগন্ধা এবিধ চিৰসেউজ গুল্মজাতীয় ভেষজ উদ্ভিদ , যি সাধাৰণতে ১৫ - ৭৫ চে . মি . পৰ্যন্ত ওখ হয়। ইয়াৰ পাত সৰল , উজ্জ্বল সেউজীয়া । ফুল গোলাপী বা বগা , গুচ্ছাকাৰ আৰু ফল প্ৰথমে সেউজীয়া , পাচত পকিলে নীলা - ক ’ লা বা ৰঙা বৰণৰ হয়। শিপা ঘূৰণীয়া , ধূসৰ , তেতেলীৰ দৰে গোন্ধযুক্ত। এই উদ্ভিদৰ শাখা - প্ৰশাখা কম , আৰু  ই  সাধাৰণতে   জোপোহা    আকাৰত বৃদ্ধি পায়।   সৰ্পগন্ধা দক্ষিণ আৰু দক্ষিণ - পূৰ্ব এছিয়াৰ স্থানীয় উদ্ভিদ। ই ভাৰত , বাংলাদেশ , শ্ৰীলংকা , ম্যানমাৰ , নেপাল , ভূটান , থাইলেণ্ড , ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত পোৱা যায়। ভাৰতৰ উপ - হিমালয় অঞ্চলৰ পৰা ১ , ০০০ মিটাৰ উচ্চতালৈকে , বিশেষকৈ পূৰ্বাঞ্চল , দক্ষিণ ভাৰত আৰু পশ্চিমঘাটত ই প্ৰচুৰ পৰিমানে পোৱা যায়।   বাংলাদেশত   দিনাজপুৰ , চট্টগ্ৰাম , সিলেট আৰু পাৰ্বত্য চট্টগ্ৰামত ই স্থানীয়ভাৱে জন্মে। অসমৰ কিছু অঞ্চলতো ই বিক্ষিপ্তভাৱে দেখা যায়। বৈজ্ঞানিক নাম : Rauvolfia serpentina (Famiyy-Apocynacea...

পৰামলখিৰ (Star Gooseberry) ঔষধি গুণ

Image
  1.পৰামলখি গছৰ চমু বিৱৰণ  পৰামলখি এবিধ ক্ষুদ্ৰ আকাৰৰ পৰ্ণপাতী উদ্ভিদ (Deciduous plants;  অৰ্থাৎ যি উদ্ভিদৰ পাত সময়ত  সৰি যায়) যাৰ উচ্চতা সাধাৰণতে ২-৯ মিটাৰ  পৰ্যন্ত  হয়। ইয়াৰ পাত সৰল, সেউজীয়া আৰু পাখিযুক্ত, আৰু ফল ক্ষুদ্ৰ, গোলাকাৰ, হালধীয়া-সেউজীয়া, টেঙা সোৱাদযুক্ত। এই গছ ফলৰ বাবে জনপ্ৰিয় যদিও ঔষধি গুণৰ বাবেও ব্যৱহৃত হয়। পৰামলখিৰ উৎপত্তি সম্ভৱতঃ মাদাগাস্কাৰত, কিন্তু বৰ্তমান ই গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত ব্যাপকভাৱে  বিস্তৃত । ভাৰত, দক্ষিণ-পূৰ্ব এছিয়া (থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া), কেৰিবিয়ান, দক্ষিণ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশত  এ ই উদ্ভিদ সাধাৰণতে পোৱা যায়।   বৈজ্ঞানিক নাম: Phyllanthus acidus (Family- Euphorbiaceae) ইংৰাজী নাম: Star Gooseberry,  Malay Gooseberry হিন্দী নাম: हरफरौरी (Harfarauri) অসমীয়া নাম: পৰামলখি 2. স্বাস্থ্যৰ উপকাৰীতিৰ বিজ্ঞান সন্মত বিশ্লেষণ পৰামলখিৰ ফল, পাত আৰু শিপাত বিভিন্ন সক্ৰিয়-জৈৱ  যৌগ থাকে, যিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰী। বিজ্ঞান সন্মতভাৱে ইয়াৰ উপকাৰিতাৰ কিছু দিশ...

চমৎকাৰী উদ্ভিদ চজিনা আৰু বিশ্বব্যাপী ইয়াৰ ব্যৱহাৰ

Image
  1. চজিনা গছৰ চমু বিবৰণ   চজিনা গছ এবিধ দ্ৰুতবৃদ্ধিশীল , খৰাং-সহনশীল , পৰ্ণপাতী গছ যি Moringaceae পৰিয়ালৰ অন্তৰ্গত। ইয়াৰ উচ্চতা ১০ - ১২ মিটাৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰ শাখা-প্ৰশাখা কোমল আৰু পাতবোৰ সৰু , ডিম্বাকৃতিৰ , সাধাৰণতে অধোমুখী। শীতকালত পাত সৰি যায় আৰু বসন্তকালত নতুন পাতৰ লগতে ফুল ফুলে। ফুলবোৰ সৰু , বগা বা ক্ৰীম ৰঙৰ আৰু ফলবোৰ দীঘল , ত্ৰিকোণীয় , যাক সাধাৰণতে "ড্ৰামষ্টিক" বুলি কোৱা হয় । চজিনা গছ এবিধ অতি উপকাৰী উদ্ভিদ যি পুষ্টিকৰ আৰু ঔষধি গুণৰ বাবে সমগ্ৰ বিশ্বত জনপ্ৰিয়। এই গছৰ প্ৰায় সকলো অংশই মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী হিচাপে পৰিচিত। আয়ুৰ্বেদত ইয়াক মহৌষধ বুলি গণ্য কৰা হয় আৰু আধুনিক বিজ্ঞানেও ইয়াৰ গুণাগুণৰ পৰীক্ষা - নিৰীক্ষা কৰি স্বীকৃতি দিছে।   চজিনা গছৰ উৎপত্তি ভাৰতৰ উত্তৰাঞ্চলত , বিশেষকৈ হিমালয়ৰ পাদদেশত। বৰ্তমান ই সমগ্ৰ দক্ষিণ আৰু দক্ষিণ - পূৰ্ব এছিয়া , আফ্ৰিকা , লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত ব্যাপকভাৱে খেতি কৰা হয়। অসমত ই গ্ৰাম্য অঞ্চলৰ প্ৰায় প্ৰতিটো ঘৰৰ চোতালত সহজে পোৱা যায়। ই পাহাৰীয়া আৰু সমতল অঞ্চলত সহজে গজে আৰু নূন্যতম যতনত ...

বৰ টেঙেচিৰ পাঁচটা ঔষধি গুণ, যিয়ে আপোনাক স্বাস্থ্যকৰ কৰি তুলিব

Image
1.  বৰ টেঙেচি উদ্ভিদৰ চমু বিবৰণ    বৰ টেঙেচি   বা   টেঙেচি  অসমৰ এক পৰিচিত ঔষধি উদ্ভিদ , যাক সাধাৰণতে জেকা মাটিত বা বালিচহীয়া ভূমিত দেখা যায় । ই এবিধ তৃণজাতীয় , মাটিত বগাই যোৱা উদ্ভি দ , যাৰ পাত সৰু , তিনিমূৰীয়া আৰু টেঙা সোৱাদযুক্ত । ইয়াৰ ফুল গোলাপী বা বেঙুনীয়া বৰণৰ । এই গছৰ উচ্চতা সাধাৰণতে ১০ - ৩০ চেণ্টিমিটাৰ । বৰ টেঙেচি অসমৰ গ্রাম্য অঞ্চলৰ বাৰী , পথাৰ , নৈৰ পাৰ আদিত সহজে উপলব্ধ । ইয়াৰ বিতৰণ ভাৰতৰ উত্তৰ - পূৰ্বাঞ্চলৰ লগতে দক্ষিণ এছিয়াৰ অন্যান্য অঞ্চল , যেনে বাংলাদেশ , শ্রীলংকা আৰু দক্ষিণ - পূৰ্ব এছিয়াৰ দেশসমূহতো দেখা যায় । এই উদ্ভিদ গ্রীষ্মমণ্ডলীয় আৰু উপ - গ্রীষ্মমণ্ডলীয় জলবায়ুত ভালদৰে বৃদ্ধি পায় ।     বৈজ্ঞানিক নাম : Oxalis debilis (Family- Oxalidaceae)   ইংৰাজী নাম :     Pink Wood Sorrel, or Large-Flowered Pink Sorrel   হিন্দী নাম : Amrul ( अमरूल ) , Khatti Buti( खट्टी बूटी ) Changeri     2. অসমীয়া সমাজত ব...